4:15-Verse/Note/Ref:

🟢Please Struck on the below LINKS.

৪:১৫

وَاللَّاتِي يَأْتِينَ الْفَاحِشَةَ مِنْ نِسَائِكُمْ فَاسْتَشْهِدُوا عَلَيْهِنَّ أَرْبَعَةً مِنْكُمْ ۖ فَإِنْ شَهِدُوا فَأَمْسِكُوهُنَّ فِي الْبُيُوتِ حَتَّىٰ يَتَوَفَّاهُنَّ الْمَوْتُ أَوْ يَجْعَلَ اللَّهُ لَهُنَّ سَبِيلًا

আৰু তোমালোকৰ নাৰীসকলৰ মাজত যিয়ে ব্যভিচাৰ/অনৈতিকতা কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন সাক্ষী তলব কৰা। যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰখা যেতিয়ালৈকে সিহঁতৰ মৃত্যু নহয় অথবা যেতিয়ালৈকে আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।
⬇️…⬇️…⬇️
বিশ্লেষণ:
আমি টোকা প্ৰস্তুতৰ বাবে ১৫ৰ পৰা ১৮ নং আয়াতলৈকে একেলগেলৈ আলোচনা কৰিম। ইয়াৰ কাৰণ হৈছে, ১৫ নং আয়াতত নাৰীসকলৰ “ফাহিছাত” {(فحشة = অনৈতিকতা (immorality)} কথাটো আছে। এই আয়াতত তথাকথিত হাদিসৰ বিষ সুমুৱাই দি কেনেকৈ সমাজ কলুষিত কৰিছে তাক জনাৰ প্ৰয়োজন আছে। এই আয়াতটোয হাদিসৰ বিষৰ আলোচনা কৰিলেই 

ৰদ/বাতিল/ৰহিত অৰ্থাৎ Naskh (abrogation) আহি পৰিব। চাওঁক:



৪:১৫

وَاللَّاتِي يَأْتِينَ الْفَاحِشَةَ مِنْ نِسَائِكُمْ فَاسْتَشْهِدُوا عَلَيْهِنَّ أَرْبَعَةً مِنْكُمْ ۖ فَإِنْ شَهِدُوا فَأَمْسِكُوهُنَّ فِي الْبُيُوتِ حَتَّىٰ يَتَوَفَّاهُنَّ الْمَوْتُ أَوْ يَجْعَلَ اللَّهُ لَهُنَّ سَبِيلًا

আৰু তোমালোকৰ নাৰীসকলৰ মাজত যিয়ে ব্যভিচাৰ/অনৈতিকতা কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন সাক্ষী তলব কৰা। যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰখা যেতিয়ালৈকে সিহঁতৰ মৃত্যু নহয় অথবা যেতিয়ালৈকে আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।

৪:১৬

وَاللَّذَانِ يَأْتِيَانِهَا مِنْكُمْ فَآذُوهُمَا ۖ فَإِنْ تَابَا وَأَصْلَحَا فَأَعْرِضُوا عَنْهُمَا ۗ إِنَّ اللَّهَ كَانَ تَوَّابًا رَحِيمًا

আৰু তোমালোকৰ মাজত যি দুজন (নৰ-নাৰী) এনে অপকৰ্মত লিপ্ত হ’ব সিহঁতক শাস্তি দিয়া। যদি সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰি লয় তেন্তে সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহ পৰম তাওবা কবুলকাৰী, পৰম দয়ালু।

৪:১৭

إِنَّمَا التَّوْبَةُ عَلَى اللَّهِ لِلَّذِينَ يَعْمَلُونَ السُّوءَ بِجَهَالَةٍ ثُمَّ يَتُوبُونَ مِنْ قَرِيبٍ فَأُولَٰئِكَ يَتُوبُ اللَّهُ عَلَيْهِمْ ۗ وَكَانَ اللَّهُ عَلِيمًا حَكِيمًا

নিশ্চয় আল্লাহে সেইসকল লোকৰ তাওবা কবুল কৰে যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে আৰু ততালিকে তাওবা কৰে, এওঁলোকেই হৈছে সেইসকল লোক যিসকলৰ তাওবা আল্লাহে কবুল কৰে। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

৪:১৮

وَلَيْسَتِ التَّوْبَةُ لِلَّذِينَ يَعْمَلُونَ السَّيِّئَاتِ حَتَّىٰ إِذَا حَضَرَ أَحَدَهُمُ الْمَوْتُ قَالَ إِنِّي تُبْتُ الْآنَ وَلَا الَّذِينَ يَمُوتُونَ وَهُمْ كُفَّارٌ ۚ أُولَٰئِكَ أَعْتَدْنَا لَهُمْ عَذَابًا أَلِيمًا

তাওবা সিহঁতৰ বাবে নহয়, যিসকলে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছো’, আৰু সিহঁতৰ বাবেও নহয়, যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

।।।।

৪:১৫

وَاللَّاتِي يَأْتِينَ الْفَاحِشَةَ مِنْ نِسَائِكُمْ فَاسْتَشْهِدُوا عَلَيْهِنَّ أَرْبَعَةً مِنْكُمْ ۖ فَإِنْ شَهِدُوا فَأَمْسِكُوهُنَّ فِي الْبُيُوتِ حَتَّىٰ يَتَوَفَّاهُنَّ الْمَوْتُ أَوْ يَجْعَلَ اللَّهُ لَهُنَّ سَبِيلًا

আৰু তোমালোকৰ নাৰীসকলৰ মাজত যিয়ে ব্যভিচাৰ/অনৈতিকতা কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন সাক্ষী তলব কৰা। যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰখা যেতিয়ালৈকে সিহঁতৰ মৃত্যু নহয় অথবা যেতিয়ালৈকে আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।

↕️

২৪:২

الزَّانِيَةُ وَالزَّانِي فَاجْلِدُوا كُلَّ وَاحِدٍ مِنْهُمَا مِائَةَ جَلْدَةٍ ۖ وَلَا تَأْخُذْكُمْ بِهِمَا رَأْفَةٌ فِي دِينِ اللَّهِ إِنْ كُنْتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۖ وَلْيَشْهَدْ عَذَابَهُمَا طَائِفَةٌ مِنَ الْمُؤْمِنِينَ

ব্যভিচাৰিণী আৰু ব্যভিচাৰী— সিহঁতৰ প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা। আল্লাহৰ বিধান কাৰ্যকৰীকৰণত সিহঁতৰ প্ৰতি দয়াই যেন তোমালোকক প্ৰভাৱিত নকৰে, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা; আৰু মুমিনসকলৰ এটা দলে যাতে সিহঁতৰ শাস্তি (ৰ সময়ত উপস্থিত হৈ) প্ৰত্যক্ষ কৰে।

(কিন্তু তথাকথিত হাদিসবোৰে কোৰআনৰ আয়াতৰ কি অৱস্থা কৰিলে চাওঁক: 

Stonning to death (Sahih Hadiths):

.

।।।।

কিছুমান তথাকথিত পণ্ডিতে কয়, ২৪:২ নং আয়েতে ৪:১৫ নং আয়াতটোক ৰদ/বাতিল/ৰহিত অৰ্থাৎ Naskh (abrogation) কৰিছে। এইবোৰ মিছা কথা। আল্লাহে নিজেই ঘোষণা কৰিছেযে কোনো আয়াত ৰদ হোৱা নাই, চাওঁক:

৬:১১৫

وَتَمَّتْ كَلِمَتُ رَبِّكَ صِدْقًا وَعَدْلًا ۚ لَا مُبَدِّلَ لِكَلِمَاتِهِ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ

সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহৰ পৰিবৰ্তনকাৰী কোনো নাই। তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

.

১৮:২৭

وَاتْلُ مَا أُوحِيَ إِلَيْكَ مِنْ كِتَابِ رَبِّكَ ۖ لَا مُبَدِّلَ لِكَلِمَاتِهِ وَلَنْ تَجِدَ مِنْ دُونِهِ مُلْتَحَدًا

আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰত যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।

।।।।

সেই একেই পণ্ডিতে কয় বোলে, ২:১০৬ নং আয়াতটো ৰদ/বাতিল/ৰহিত কথা আছে। চাওঁ কি আছে তাতঃ

২:১০৬

۞ مَا نَنْسَخْ مِنْ آيَةٍ أَوْ نُنْسِهَا نَأْتِ بِخَيْرٍ مِنْهَا أَوْ مِثْلِهَا ۗ أَلَمْ تَعْلَمْ أَنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ

আমি কোনো আয়াত ৰহিত কৰিলে বা পাহৰাই দিলে তাতোকৈ উত্তম অথবা তাৰ সমান কোনো আয়াত আনি দিওঁ। তুমি নাজানানে যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

.

এই আয়াতত “কোনো আয়াত ৰহিত” কথাটো আছে, কিন্তু কোনবোৰ আয়াতৰ কথা কোৱা হৈছে। সেই পণ্ডিতসকলে মতলব পূৰণৰ বাবে ডাইৰেক্ট এটা আয়াত উঠাই আনি অপপ্ৰচাৰত লিপ্ত হয়। যিকোনো এটা আয়াত বুজিবলৈ বিষয় আৰু প্ৰসংগৰ(content and contex) প্ৰয়োজন। ইয়াৰ আগৰ ২:১০৫ নং আয়াতটো চাওঁক,তাত কি কোৱা হৈছে:

২:১০৫

مَا يَوَدُّ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ وَلَا الْمُشْرِكِينَ أَنْ يُنَزَّلَ عَلَيْكُمْ مِنْ خَيْرٍ مِنْ رَبِّكُمْ ۗ وَاللَّهُ يَخْتَصُّ بِرَحْمَتِهِ مَنْ يَشَاءُ ۚ وَاللَّهُ ذُو الْفَضْلِ الْعَظِيمِ

কিতাবীসকলৰ মাজত যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকলে এইটো নিবিচাৰে যে, তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ ওপৰত কোনো কল্যাণ অৱতীৰ্ণ হওঁক। অথচ আল্লাহে যাক ইচ্ছা নিজ ৰহমতৰ দ্বাৰা বিশেষিত কৰে; আৰু আল্লাহ মহা ক্ষমাশীল।

.

এই আয়াতত আগতে নাজিল হোৱা পুথিসমূহৰ (previous revelations) কথা কোৱা হৈছে, যদিও 

পূর্ববর্তী প্রকাশকৰাবোৰক কোৰআনত “উপস্থিত” কৰা হয়। চাওঁক:

৫:৪৮

وَأَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ مِنَ الْكِتَابِ وَمُهَيْمِنًا عَلَيْهِ ۖ فَاحْكُمْ بَيْنَهُمْ بِمَا أَنْزَلَ اللَّهُ ۖ وَلَا تَتَّبِعْ أَهْوَاءَهُمْ عَمَّا جَاءَكَ مِنَ الْحَقِّ ۚ لِكُلٍّ جَعَلْنَا مِنْكُمْ شِرْعَةً وَمِنْهَاجًا ۚ وَلَوْ شَاءَ اللَّهُ لَجَعَلَكُمْ أُمَّةً وَاحِدَةً وَلَٰكِنْ لِيَبْلُوَكُمْ فِي مَا آتَاكُمْ ۖ فَاسْتَبِقُوا الْخَيْرَاتِ ۚ إِلَى اللَّهِ مَرْجِعُكُمْ جَمِيعًا فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ

আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছো। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।

.

৪:১৫ আ‌য়াতে পূৰ্ণাঙ্গ ৰূপ পা‌য় ২৪:২ আৰু ৪:২৫ নং আয়াতেৰে।

৪:২৫

وَمَنْ لَمْ يَسْتَطِعْ مِنْكُمْ طَوْلًا أَنْ يَنْكِحَ الْمُحْصَنَاتِ الْمُؤْمِنَاتِ فَمِنْ مَا مَلَكَتْ أَيْمَانُكُمْ مِنْ فَتَيَاتِكُمُ الْمُؤْمِنَاتِ ۚ وَاللَّهُ أَعْلَمُ بِإِيمَانِكُمْ ۚ بَعْضُكُمْ مِنْ بَعْضٍ ۚ فَانْكِحُوهُنَّ بِإِذْنِ أَهْلِهِنَّ وَآتُوهُنَّ أُجُورَهُنَّ بِالْمَعْرُوفِ مُحْصَنَاتٍ غَيْرَ مُسَافِحَاتٍ وَلَا مُتَّخِذَاتِ أَخْدَانٍ ۚ فَإِذَا أُحْصِنَّ فَإِنْ أَتَيْنَ بِفَاحِشَةٍ فَعَلَيْهِنَّ نِصْفُ مَا عَلَى الْمُحْصَنَاتِ مِنَ الْعَذَابِ ۚ ذَٰلِكَ لِمَنْ خَشِيَ الْعَنَتَ مِنْكُمْ ۚ وَأَنْ تَصْبِرُوا خَيْرٌ لَكُمْ ۗ وَاللَّهُ غَفُورٌ رَحِيمٌ

আৰু তোমালোকৰ মাজত যাৰ স্বাধীন ঈমান্দাৰ নাৰী বিবাহ কৰাৰ সামৰ্থ নাই, সি যেন তোমালোকৰ অধিকাৰভুক্ত ঈমান্দাৰ দাসীক বিবাহ কৰে; আল্লাহে তোমালোকৰ ঈমান সম্পৰ্কে পৰিজ্ঞাত। তোমালোক ইজনে সিজনৰ সমান; এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ’ব সজচৰিত্ৰা, ব্যভিচাৰিণী নহয় আৰু উপপতি (গোপন যৌনসঙ্গী) গ্ৰহণকাৰীণীও নহয়। এতেকে বিবাহিতা হোৱাৰ পিছত যদি সিহঁত ব্যভিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ’ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্দ্ধেক; তোমালোকৰ মাজত যিসকলে ব্যভিচাৰক ভয় কৰে এইবোৰ বিধান তেওঁলোকৰ বাবেহে; আৰু ধৈৰ্য ধাৰণ কৰা তোমালোকৰ বাবেই মঙ্গল। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

.

মন কৰিব, উক্ত কথাবোৰে ৪:১৫ ত থকা “ফাহিছাত” {(فحشة = অনৈতিকতা(immorality)} শব্দটোৱে এনেভাৱে জোৰ দিয়েযে যিটো কোৰআনে 

 সাধাৰণ প্রেক্ষাপটত এনে পাঠসমূহক চিহ্নিত কৰে যি এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজত ব্যভিচাৰ আৰু ইয়াতকৈয়ো ব্যাপক  পাপবোৰক অন্তর্ভুক্ত কৰে।  যেনে, সমকামিতা, ধর্ষণ, পতিতাবৃত্তি ইত্যাদি…(homosexuality, rape, prostitution, etc…)।

.

যদি আয়াত ৪:১৫ৰ মহিলা ব্যভিচাৰৰ ক্ষেত্রত তেওঁলোক গৃহবন্দী বা কাৰাবন্দীৰ  উদাহৰণ হিচাপে উল্লেখ কৰিছে, ৪:১৬ নং আয়াতে বুজায়যে দণ্ডৰ অনৈতিকতাৰ(immorality) বাবে দোষী উভয় ব্যক্তিৰ সম্ভাব্যভাৱে প্রযোজ্য:

.

তোমালোকৰ মাজত যি দুজন (নৰ-নাৰী) এনে অপকৰ্মত লিপ্ত হ’ব সিহঁতক শাস্তি দিয়া(৪:১৬)।(জিনাৰ ক্ষেত্রত ১০০ বেত্রাঘাত-২৪:২)। যদি সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰি লয় তেন্তে সিহঁতক এৰি দিয়া। [অর্থাৎ সিহঁতক গৃহবন্দী বা কাৰাবন্দী নকৰিব ]।

গতিকে এনে কোনো কাৰণ নাই যাৰবাবে কেৱল নাৰীকেই শাস্তি দিব আৰু পুৰুষক নিদিব, যত দুয়ো একেটা পাপকে কৰে।

 ব্যভিচাৰ/অনৈতিকতাৰ শাস্তি সেয়েহে ২৪:২ আয়াতত (১০০ বেত্রাঘাত) সংজ্ঞায়িত(defined)যত কোনো অনুতপ্ত আৰু সংস্কাৰ কৰিলে তেওঁৰ বাবে এই আয়াতৰ শাস্তিৰ লগে লগেই শেষ হয়।

।।।।

আমি ওপৰত Stonning to deathৰ সহী হাদিসৰ কথা কৈ আহিছিলো। এই কোম্পানীবোৰেই কয়, Stonning to deathৰ কোৰআনৰ আয়াত দহবাৰ আহিছিল। কিন্তু লিখি ৰখা কাগজখন বোলে ছাগলীয়ে খালে।


It was narrated that ‘Aishah said:

“The Verse of stoning and of breastfeeding an adult ten times was revealed1, and the paper was with me under my pillow. When the Messenger of Allah died, we were preoccupied with his death, and a tame sheep came in and ate it.”

1: These verses were abrogated in recitation but not ruling. Other ahadith establish the number for fosterage to be 5.

(https://sunnah.com/ibnmajah/9/100)


➡️মূল বিশ্লেষণত চৈয়দ ৰফিক।। লিংক ⬇️
https://qurantafseeritself.blogspot.com/2021/10/part-74412-16-httpsyoutu.html

Leave a comment

Design a site like this with WordPress.com
Get started