মানুহৰ মাজৰ পৰাই ৰছুল নিৰ্বাচিত হয়। তেওঁ আমাৰ দৰেই জনতা।
Reference:2:129, 3:164, 6:130, 7:35, 23:32,
।।।
২:১২৯
رَبَّنَا وَابْعَثْ فِيهِمْ رَسُولًا مِنْهُمْ يَتْلُو عَلَيْهِمْ آيَاتِكَ وَيُعَلِّمُهُمُ الْكِتَابَ وَالْحِكْمَةَ وَيُزَكِّيهِمْ ۚ إِنَّكَ أَنْتَ الْعَزِيزُ الْحَكِيمُ
‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল প্ৰেৰণ কৰা, যিয়ে তোমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱাত কৰিব; আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিব আৰু সিহঁতক পৰিশুদ্ধ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
৩:১৬৪
لَقَدْ مَنَّ اللَّهُ عَلَى الْمُؤْمِنِينَ إِذْ بَعَثَ فِيهِمْ رَسُولًا مِنْ أَنْفُسِهِمْ يَتْلُو عَلَيْهِمْ آيَاتِهِ وَيُزَكِّيهِمْ وَيُعَلِّمُهُمُ الْكِتَابَ وَالْحِكْمَةَ وَإِنْ كَانُوا مِنْ قَبْلُ لَفِي ضَلَالٍ مُبِينٍ
আল্লাহে মুমিনসকলৰ প্ৰতি অৱশ্যে অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱাত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁতে ইয়াৰ আগত স্পষ্ট বিভ্ৰান্তিত আছিল।
.
৬:১৩০
يَا مَعْشَرَ الْجِنِّ وَالْإِنْسِ أَلَمْ يَأْتِكُمْ رُسُلٌ مِنْكُمْ يَقُصُّونَ عَلَيْكُمْ آيَاتِي وَيُنْذِرُونَكُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا ۚ قَالُوا شَهِدْنَا عَلَىٰ أَنْفُسِنَا ۖ وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا وَشَهِدُوا عَلَىٰ أَنْفُسِهِمْ أَنَّهُمْ كَانُوا كَافِرِينَ
‘হে জ্বিন আৰু মানৱ সম্প্ৰদায়! তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰত ৰাছুলসকল অহা নাছিলনে যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক এই দিনৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল? সিহঁতে ক’ব, ‘আমি আমাৰ নিজৰ বিৰুদ্ধেই সাক্ষী দিলো’। প্ৰকৃততে পাৰ্থিৱ জীৱনেই সিহঁতক প্ৰতাৰিত কৰিছিল, আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে, সিহঁত কাফিৰ আছিল।
.
৭:৩৫
يَا بَنِي آدَمَ إِمَّا يَأْتِيَنَّكُمْ رُسُلٌ مِنْكُمْ يَقُصُّونَ عَلَيْكُمْ آيَاتِي ۙ فَمَنِ اتَّقَىٰ وَأَصْلَحَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
হে আদম সন্তান! যদি তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহে, যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ’ব।
.
২৩:৩২
فَأَرْسَلْنَا فِيهِمْ رَسُولًا مِنْهُمْ أَنِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ أَفَلَا تَتَّقُونَ
ইয়াৰ পিছত আমি সিহঁতৰ মাজৰেই এজনক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলো, তেওঁ কৈছিল, ‘তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
.
বি:দ্ৰ:-
ৰছুলসকল আমাৰ দৰেই এজন মানুহ, আমি যি খাও তেৱোঁ তাকেই খায় আৰু আমি যি পান কৰো তেৱোঁ তাকেই পান কৰে।
২৩:৩৩
وَقَالَ الْمَلَأُ مِنْ قَوْمِهِ الَّذِينَ كَفَرُوا وَكَذَّبُوا بِلِقَاءِ الْآخِرَةِ وَأَتْرَفْنَاهُمْ فِي الْحَيَاةِ الدُّنْيَا مَا هَٰذَا إِلَّا بَشَرٌ مِثْلُكُمْ يَأْكُلُ مِمَّا تَأْكُلُونَ مِنْهُ وَيَشْرَبُ مِمَّا تَشْرَبُونَ
আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে, যিসকলে কুফৰী কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলো পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ-সম্ভাৰ, সিহঁতে কৈছিল, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তোমালোকে যি খোৱা তেৱোঁ তাকেই খায় আৰু তোমালোকে যি পান কৰা তেৱোঁ তাকেই পান কৰে;
।।।। চৈয়দ ৰফিক।।।।
Leave a comment