কার্য্য-কাৰণ(Theor of Causuality)–
বিজ্ঞানৰ যুক্তি অনুসৰি প্রত্যেকটো কার্য্যৰে একোটা কাৰণ আছে; অর্থাৎ বিজ্ঞান চর্চ্চাত কার্য্য-কাৰণৰ নীতিটো এৰাই চলিব নোৱাৰি। কিন্তু কাৰণ থাকিলেহে কার্য্য সংঘটিত হ’ব পাৰে বুলি ধৰি ললে বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিৰ কাৰণটো ব্যাখ্যা কৰিব নোৱাৰি।
[ CLICK here=http://syedjehu.wordpress.com/2011/12/20/basic-concepts-of-cause-and-effect/]
কাৰণ সৃষ্টিৰ মুহূর্তৰ পৰাই স্থান-কাল সকলো আৰম্ভ হৈছে। গতিকে তাৰ আগৰ বুলি কোনো কাৰণ থাকিব নোৱাৰে। অৱশ্যে আধুনিক কোৱাণ্টাম বলবিদ্যাই দেখুৱাইছে যে বিশ্ব প্রকৃতিৰ সকলো ক্ষেত্রতে কার্য্য-কাৰণৰ নীতিটো সমানভাৱে প্রযোজ্য নহ’বও পাৰে। কোৱাণ্টাম বলবিদ্যাৰ নীতিৰ দ্বাৰা পৰিচালিত মৌলিক কণিকাৰ অতি নগণ্য জগত খনত এই কথাটো বিশেষভৱে লক্ষণীয় হয়।বিশ্বব্রহ্মাণ্ডৰ দৰে বৃহদাকাৰ বস্তুৰ ক্ষেত্রত নহয়। কোৱাণ্টাম তত্বৰ দার্শনিক তাৎপর্য্য সহজবোধ্যতো নহয়েই ইয়াৰ দুই ধৰণৰ অর্থও নাই বুলি ক’ব নোৱাৰি। ইয়াৰ একাধিক ব্যাখ্যা দাঙি ধৰা হৈছে। বহুত ক্ষেত্রতে এই ব্যাখ্যাবোৰে সর্বাত্মক গ্রহন যোগ্যতা দাবি কৰিব পৰা নাই।বিখ্যাত বিজ্ঞানী নেইলছ্ ব’ৰে এবাৰ কৈছিলযে কোৱাণ্টাম-মেকানিক্সৰ ফলাফল দেখি যিজনে বিস্ময়ত হতভম্ভ হোৱা নাই তেওঁ আচলতে কোৱাণ্টাম-মেকানিক্স বুজাই নাই।
[”Anyone who is not shocked by the quantum theory has not understood it.”
”But, but, but … if anybody says he can think about quantum theory without getting giddy it merely shows that he hasn’t understood the first thing about it! ”-Niels_Bohr]
[ইয়াত ক্লিক কৰক quantum mechanical ]
বিখ্যাত পদার্থবিজ্ঞানী ষ্টেভেন ৱেইনবার্গে এবাৰ তেওঁৰ এজন বন্ধু -ফিলিপ কেণ্ডেলাছৰ পৰা তেওঁৰ এসময়ৰ এজন প্রিয় ছাত্রৰ কথা জানিবলৈ বিচাৰিছিল।
[Niles Bohr,7 Oct 1885-18 Nov 1962,Danish Physicist]
[(Steven Weinberg at the 2010 Texas Book Festival) Steven Weinberg , Born=.May 3, 1933 (age 78) New York City, New York, USA,.. Residence=United States, Fields=Theoretical Physics]
এই ছাত্রজন অতি প্রতিভাৱান আৰু প্রতিশ্রুতিসম্পন্ন গৱেষক আছিল। কিন্তু হঠাতে তেওঁৰ গৱেষণা আৰু অন্যান্য বৈজ্ঞানীক কাম-কাজৰ কোনো খবৰ-বাতৰি নোহোৱা হ’ল। ৱেইনবার্গে ইয়াৰ কাৰণ জানিবলৈ বিচৰাত ফিলিপে ক’লেযে তেওঁ কোৱাণ্টাম-মেকানিক্স বুজিবলৈ যত্নকৰি দুর্দশাগ্রস্তহৈ পৰিছে। কিন্তু সেইবুলি কোৱাণ্টাম-মেকানিক্স বাস্তৱ জগতৰ লগত সম্পর্কহীন নহয়।
কোৱাণ্টাম-মেকানিক্সৰ দার্শনিক দিশঃ-
কোৱাণ্টাম-মেকানিক্সৰ সফল ব্যৱহাৰিক প্রয়োগৰ বহুত উদাহৰণ আছে। বর্তমান ব্যৱহৃত লেজাৰ ইলেকট্রণ মাইক্রস্ক’প ট্রেঞ্জিষ্টাৰ, বিভিন্ন ধৰণৰ অর্ধ-পৰিবাহী পদার্থৰে নির্মিত সা-সৰঞ্জাম, নিউক্লীয় শক্তিউতপাদক ৰিয়েক্টৰ আদি নির্মাণত কোৱাণ্টাম-মেকানিক্স ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি পৰমাণুৰ গঠন, ৰাসায়নিক বিক্রয়া, পোহৰকে আদি কৰি বিভিন্ন বিদ্যুত চুম্বকীয় তৰংগৰ উতপত্তি, পদার্থৰ বৈদ্যুতিক আৰু তাপীয় পৰিবাহিতা আৰু অন্যান্য যান্ত্রিক ধর্মৰ সফল ব্যাখ্যাৰ বাবে কোৱাণ্টাম-মেকানিক্সৰ প্রয়োগ অপৰিহার্য্য । যান্ত্রিকভাৱে কোৱাণ্টাম-মেকানিক্সৰ নীতিবোৰ প্রয়োগ কৰাত বিশেষ অসুবিধা নাই আৰু ব্যৱহাৰিক বিজ্ঞানত তাকেই কৰা হয়। কোৱাণ্টাম-মেকানিক্সৰ দার্শনিক দিশটোহে চিন্তাৰ কাৰণহৈ পৰে। কাৰণ সৃষ্টি তত্বৰ ব্যাখ্যাৰ সময়ত ইয়াৰ এই দার্শনিক তাতপর্য্যৰ প্রতিয়েই অধিক গুৰুত্ব দিবলগগীয়া হয়।
[Measurement in quantum mechanics:-The framework of quantum mechanics requires a careful definition of measurement. The issue of measurement lies at the heart of the problem of the interpretation of quantum mechanics, for which there is currently no consensus.
Measurement from a practical point of view:-
Measurement is viewed in different ways in the many interpretations of quantum mechanics; however, despite the considerable philosophica ldifferences, they almost universally agree on the practical question of what results from a routine quantum-physics laboratory measurement. To describe this, a simple framework to use is the Copenhagen interpretation, and it will be implicitly used in this section; the utility of this approach has been verified countless times, and all other interpretations are necessarily constructed so as to give the same quantitative predictions as this in almost every case.]

Leave a comment